Product SiteDocumentation Site

Red Hat Enterprise Linux 5.5

মুক্তিৰ টোকা

মুক্তিৰ টোকা

Logo

Red Hat Engineering Content Services

Legal Notice

Copyright © 2010 Red Hat.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
RaleighNC 27606-2072 USA
Phone: +1 919 754 3700
Phone: 888 733 4281
Fax: +1 919 754 3701
PO Box 13588 Research Triangle ParkNC 27709 USA

Abstract
Red Hat Enterprise Linux ৰ সৰু মুক্তিসমূহ ব্যক্তিগত উন্নয়ন, সুৰক্ষা আৰু বাগ সমাধা এৰাটাৰ গোট । Red Hat Enterprise Linux 5.5 মুক্তিৰ টোকাই Red Hat Enterprise Linux 5 কাৰ্য্যকৰপ্ৰণালীত কৰা মূখ্য সলনিসমূহ আৰু তাৰ লগতে থকা অনুপ্ৰয়োগত কৰা সলনিসমূহক এই চমু মুক্তিৰ বাবে নথিভুক্ত কৰে । এই চমু মুক্তিত কৰা সকলো সাল সলনিৰ টোকাসমূহ প্ৰযুক্তিবিদ্যাৰ টোকাত পাব ।
Red Hat Enterprise Linux 5.5 মুক্তিৰ বৈশিষ্ট্যসমূহ হ'ল Intel Boxboro-EX platform, AMD Magny-Cours processor আৰু IBM Power 7 processor ৰ কাৰণে যান্ত্ৰিক সামগ্ৰীৰ সক্ৰিয় কৰা । ভাৰ্চুৱেলাইজেচন্‌ উন্নত হৈছে, একাধিক 10 GigE SR-IOV কাৰ্ডৰ সমৰ্থন, আৰু প্ৰণালীত সক্ৰিয় কৰিলে ভাৰ্চুৱেল অতিথিৰ স্মৃতিশক্তি কাৰণে hugepages ৰ স্বয়ংক্ৰিয়ভাবে ব্যৱহাৰ । Interoperability ৰ উন্নয়নত আছে Microsoft Office 2007 ফিল্টাৰৰ কাৰণে OpenOffice ৰ উন্নয়ন, Windows 7 সুসঙ্গতিকৰণৰ কাৰণে Samba আৰু Microsoft ভিত্তিক PXE সেৱাসমূহ ব্যৱহাৰ কৰা ভাৰ্চুৱেল যন্ত্ৰৰ কাৰণে বুট কৰাৰ সমৰ্থন ।

1. সংস্থাপন

Red Hat Enterprise Linux 5.5 এ প্ৰণালীৰ সংস্থাপক (anaconda) ৰ কাৰণে বহুতো বাগৰ সমাধা আৰু উন্নয়ন আনিছে ।
পাৰস্পৰিক সংস্থাপকক উন্নত কৰা হৈছে, এটা Network File System (NFS) উৎসৰ পৰা সংস্থাপন কৰোঁতে অতিৰিক্ত NFS অভ্যুত্থানৰ স্থান নিৰ্ধাৰণ কৰাৰ গুণ যোগ কৰা হৈছে (BZ#493052) । ইয়াৰ উপৰিও, গুপ্তশব্দৰে সুৰক্ষিত File Transport Protocol (FTP) সেৱকত থকা সংস্থাপনৰ উৎসকো (যেনে kickstart নথিপত্ৰসমূহ) সংস্থাপনৰ সয়ত উদ্ধাৰ কৰিব পাৰি (BZ#505424) ।
Kickstart
এটা Red Hat Enterprise Linux ৰ সংস্থাপন প্ৰক্ৰিয়া স্বয়ংক্ৰিয় কৰিবলৈ ব্যৱহাৰকৰ্তাক Kickstart এটা সুবিধা দিয়ে । kickstart ব্যৱহাৰ কৰি, এজন প্ৰণালীৰ প্ৰশাসকে এটা নথিপত্ৰ সৃষ্টি কৰিব পাৰে য'ত সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ থাকিব যি সাধাৰণতে এটা সংস্থাপনৰ সময়ত কৰা হয় ।
Kickstart ডিবাগ ব্যৱস্থা আৰু ভুলৰ প্ৰতিবেদনৰ ব্যৱস্থা উন্নত কৰা হ'ল । সংস্থাপকে এতিয়া ডিবাগৰ সময়ত kickstart scriptlets ৰক্ষা কৰে, standard output (stdout) আৰু standard error (stderr) স্ট্ৰিমসমূহ, আৰু anaconda.log লৈ ভুলৰ সম্বাদ লগ কৰে ।(BZ#510636).
এটা kickstart সংস্থাপনত সৰঞ্জামসমূহক অন্তৰ্ভুক্ত নকৰাৰ দৰেই সৰঞ্জামৰ গোটসমূহকো বাহিৰ কৰিব পাৰি (BZ#558516) ।ইয়াৰ উপৰিও, bootloader আদেশে এতিয়া --hvargs স্থিতিমাপৰ সমৰ্থন কৰে, যাৰ ফলত এটা kickstart সংস্থাপনত Xen হাইপাৰ্ভাইছৰৰ তৰ্কসমূহক নিৰ্ধাৰিত কৰিব পাৰি (BZ#501438) ।
আগতে, kickstart সংস্থাপন ধৰণে সকলো সৰঞ্জাম নিৰ্ব্বাচন কৰিবলৈ দুটা বিকল্প দিছিল @Everything আৰু * (wildcard) । Red Hat Enterprise Linux 5.5 ত, এই দুয়োটা বিকল্পকে অবচিত কৰা হৈছে । সকলো সৰঞ্জাম ব্যৱহাৰ কৰাৰ বিকল্প প্ৰয়োগ কৰিব বিচাৰিলে বিফল হ'ব, যেতিয়ালৈকে সংঘৰ্ষ থকা সৰঞ্জামৰ কাৰণে kickstart নথিপত্ৰত তাক বাদ দিয়া অন্তৰ্ভুক্ত নাথাকে । সেই কাৰণে, সংঘৰ্ষ থকা সৰঞ্জামৰ বাদে অন্য সকলো সৰঞ্জাম সংস্থাপন কৰিবলৈ, kickstart নথিপত্ৰত এইটো থাকিবই লাগিব:
 %packages @Everything -@Conflicts
Red Hat Enterprise Linux 5.5 ত এতিয়া নতুন সৰঞ্জামৰ গোট samba3x, freeradius2, postgres84 আছে । এই গোটসমূহ সংস্থাপনৰ সময়ত অকল kickstart এৰে বা উপস্থিত প্ৰণালীত yum এৰে উপলব্ধ ।
যান্ত্ৰিক সামগ্ৰীৰ সমৰ্থন
সংস্থাপনৰ সময়ত এই যন্ত্ৰৰ চালক সমূহৰ সমৰ্থন আছে:
  • pmcraid চালক PMC Sierra MaxRAID Controller Adapters ৰ কাৰণে (BZ#532777)
  • ibmvfs চালক Power6 Virtual FC যন্ত্ৰৰ কাৰণে (BZ#512237).
  • bfa চালক Brocade Fibre Channel to PCIe Host Bus Adapters ৰ কাৰণে (BZ#475707)
  • be2iscsi চালক ServerEngines BladeEngine 2 Open iSCSI যন্ত্ৰৰ কাৰণে (BZ#529442).

Note

সংস্থাপনৰ বিস্তৃত তথ্যৰ কাৰণে, Red Hat Enterprise Linux 5 কেনেদৰে সংস্থাপন কৰিব লাগে সেই কথা সংস্থাপন নিৰ্দেশক ত আছে ।

2. ভাৰ্চুৱেলাইজেচন্

Red Hat Enterprise Linux 5.5 এ ভাৰ্চুৱেলাইজেচনলৈ বহুতো উন্নয়ন দিছে । ভাৰ্চুৱেলাইজেচনৰ অংশসমূহৰ সকলো সলনিসমূহৰ বিস্তৃত টোকা প্ৰযুক্তিবিদ্যাৰ টোকা ত উপলব্ধ ।

Note

Cluster Suite ৰ ব্যৱহাৰেৰে KVM ভিত্তিক ভাৰ্চুৱেল অতিথিৰ পৰিচালনা এতিয়া সম্পূৰ্ণৰূপে সমৰ্থিত ।

SPICE

Red Hat Enterprise Linux 5.5 ত দূৰৰ প্ৰদৰ্শনৰ আচাৰবিধি Simple Protocol for Independent Computing Environments (SPICE) ৰ কাৰ্য্যক্ষমতা দিবলৈ অংশসমূহ আছে । এই অংশসমূহক, Red Hat Enterprise Virtualization উৎপাদনসমূহৰ লগত ব্যৱহাৰ কৰিবলৈ আৰু এটা স্থিৰ ABI থকাৰ গেৰান্টি নাই । এই অংশসমূহক Red Hat Enterprise Virtualization উৎপাদনসমূহৰ কাৰ্য্যক্ষমতাৰ প্ৰয়োজনৰ সৈতে সুসঙ্গত কৰিবলৈ উন্নত কৰা হ'ব । ভৱিষ্যতৰ মুক্তিলৈ প্ৰব্ৰজন কৰিবলৈ প্ৰত্যেক প্ৰণালীৰ আধাৰত হস্তচালিত কাৰ্য্যৰ প্ৰয়োজন হ'ব পাৰে ।
PCI passthrough ৰ উন্নতিসমূহ
PCI passthrough এ PCI যন্ত্ৰক এনেধৰণে প্ৰদৰ্শন আৰু আচৰণ কৰিব দিয়ে যেন সিহঁত অতিথি কাৰ্য্যকৰ প্ৰণালীত দৈহিকভাবে সংযুক্ত হৈ আছে । KVM আৰু Xen হাইপাৰ্ভাইছৰ দুয়োটাই গৃহস্থ প্ৰণালীত থকা PCI যন্ত্ৰক ভাৰ্চুৱেলাইজ কৰা অতিথিত যোগ কৰাৰ সমৰ্থন কৰে ।
AMD নিবেশ/নিৰ্গনম স্মৃতিশক্তিৰ পৰিচালনাৰ অংশৰ (IOMMU) কাৰ্ণেল চালকক, যি PCI passthrough ত সহায় কৰে, উন্নত কৰা হৈছে । এই উন্নয়নে এটা সমস্যা সমাধা কৰে য'ত প্ৰণালীৰ পৰিচালনাৰ অনুৰোধসমূহক ভুলকৈ পৰিচালনা কৰা হৈছিল । (BZ#531469)
KVM হাইপাৰ্ভাইছৰত PCI passthrough ব্যৱহাৰ কৰি Intel VT-d ৰ সম্প্ৰসাৰণৰ সমৰ্থন উন্নত কৰা হৈছে । যন্ত্ৰসমূহক (দৈহিক বা ভাৰ্চুৱেল) এতিয়া চলি থকা সময়ত এটা অতিথিৰ পৰা বন্ধ আৰু অসংযুক্ত কৰিব পাৰি, যাৰ ফলত যন্ত্ৰক অন্য এটা অতিথিলৈ পুনঃ বিতৰণ কৰিব পাৰি । এই পুনঃ বিতৰণ কৰাক লাইভ ৰূপেও কৰিব পাৰি (BZ#516811) । ইয়াৰ উপৰিও, ১:১ মেপিং কাৰ্য্যক্ষমতা উন্নত কৰা হৈছে (BZ#518103) ।

Note

ভাৰ্চুৱেলাইজেচনৰ বিস্তৃত তথ্যৰ বাবে, Red Hat Enterprise Linux ত ভাৰ্চুৱেলাইজেচনৰ সম্পূৰ্ণ পথ প্ৰদৰ্শক হৈছে ভাৰ্চুৱেলাইজেচন নিৰ্দেশক
HugePages ৰ সমৰ্থন
libvirt ত নতুন নিয়ম আছে hugetlbfs (HugePages) ক সক্ৰিয় কৰিবলৈ । Hugepages ৰ সৈতে প্ৰণালী এটাক বিন্যাস কৰিলে, libvirt এ স্বয়ংক্ৰিয়ভাবে hugetlbfs ৰ পৰা স্মৃতিশক্তি বিতৰণ কৰে ভাৰ্চুৱেল অতিথিৰ স্মৃতিশক্তিতক বৃদ্ধি কৰিবলৈ । যান্ত্ৰিক সামগ্ৰীত সম্প্ৰসাৰিত page tables আৰু nested page tables ৰ লগত একেলগ কৰিলে, অতিথিৰ দ্বাৰা কাৰ্য্যক্ষমতাত বহু গুণে বৃদ্ধি পাব পাৰিব । (BZ#518099)

3. কাৰ্ণেল

3.1. কাৰ্ণেল মঞ্চৰ সক্ৰিয়কৰণ

এই মুক্তিয়ে Intel ৰ নতুন মঞ্চসমূহ, যাৰ ক'ড-নাম Boxboro-EX আৰু Boxboro-MC, AMD ৰ নতুন প্ৰচেচৰৰ পৰিবাৰ, যাৰ কোড-নাম Magny-Cours আৰু IBM ৰ Power7 প্ৰচেচৰৰ সমৰ্থন আগবঢ়াইছে ।

3.2. কাৰ্ণেলৰ সাধাৰণ বৈশিষ্ট্য

uninterruptible sleep অৱস্থাত ৰখি যোৱা কাৰ্ণেলৰ কামৰ সন্ধান কৰা
কেতিয়াবা, কাৰ্ণেলৰ কাৰ্য্যসমূহ চিৰস্থায়ীভাবে uninterruptible sleep state (D-State) লৈ যাব পাৰে, যাৰ ফলত প্ৰণালীক বন্ধ কৰিব নোৱাৰি । এই উন্নয়নৰ লগত, Detect Hung Task কাৰ্ণেল থ্ৰেডক যোগ কৰা হৈছে, যাৰ ফলত D-State ত চিৰস্থায়ীভাবে থকা কাৰ্য্যৰ সন্ধান কৰিব পৰি ।
এই নতুন গুণক CONFIG_DETECT_HUNG_TASK কাৰ্ণেল ফ্লেগেৰে নিয়ন্ত্ৰণ কৰা হয় । "y" লৈ নিৰ্ধাৰণ কৰিলে D-State ত থকা কাৰ্য্যৰ সন্ধান কৰা হয়; n লৈ নিৰ্ধাৰণ কৰিলে সি বন্ধ হয় । CONFIG_DETECT_HUNG_TASK ফ্লেগৰ অবিকল্পিত মান হ'ল y
ইয়াৰ উপৰিও, CONFIG_BOOTPARAM_HUNG_TASK_PANIC ফ্লেগক যোগ কৰা হৈছে ।y লৈ নিৰ্ধাৰণ কৰিলে, D-State ত থকা কাৰ্য্যৰ সন্ধান পোৱা গ'লে এটা কাৰ্ণেল পেনিক ট্ৰিগাৰ কৰা হয় । CONFIG_BOOTPARAM_HUNG_TASK_PANIC ফ্লেগৰ অবিকল্পিত মান হ'ল n
হস্তাক্ষৰ কৰা s390 কাৰ্ণেল অংশ
Red Hat Enterprise Linux 5.5 ৰ পৰা আৰম্ভ কৰি, সকলো s390 কাৰ্ণেল অংশক এতিয়া হস্তাক্ষৰ কৰা হৈছে । BZ#483665

4. যন্ত্ৰৰ চালক

HP iLO/iLO2 পৰিচালনাৰ প্ৰচেচৰৰ কাৰণে hpilo চালকক উন্নত কৰা হৈছে ।
Advanced Linux Sound Architecture (ALSA) ক উন্নয়ন কৰা হৈছে — High Definition Audio (HDA) ৰ কাৰণে উন্নত সমৰ্থন দিয়াৰ লগতে । (BZ#525390) ।
iic-bus সংযোগমাধ্যমৰ কাৰণে i2c যন্ত্ৰৰ চালকক SB900 SMBus নিয়ন্ত্ৰকৰ সমৰ্থনৰ সৈতে উন্নত কৰা হৈছে । (BZ#516623)
Mellanox ConnectX HCA InfiniBand ৰ কাৰণে mlx4 চালকক সংস্কৰণ ১.৪.১ লৈ উন্নত কৰা হৈছে । (BZ#514147 BZ#500346)

4.1. নেটৱৰ্ক যন্ত্ৰৰ চালক

বেতাঁৰ ৰিবেছ
Red Hat Enterprise Linux 5.5 ত কাৰ্ণেলৰ বেতাঁৰ চালক আৰু উপ-প্ৰণালীৰ বাবে বহুতো উন্নয়ন আছে ।
Intel বেতাঁৰ নে'টৱৰ্ক এডাপ্টাৰৰ কাৰণে iwlwifi চালকসমূহক উন্নত কৰা হৈছে । এই যান্ত্ৰিক সামগ্ৰীৰ শাৰীত থকা যন্ত্ৰই 802.11a, 802.11b, 802.11g, আৰু 802.11n বেতাঁৰ আচাৰবিধিৰ সমৰ্থন কৰে । এই উন্নয়নে iwl6000 আৰু iwl1000 যন্ত্ৰসমূহৰ কাৰণে নতুন সমৰ্থন, আৰু iwl5000, iwl4965 আৰু iwl3945 যন্ত্ৰসমূহৰ কাৰণে উন্নত সমৰ্থন দিয়ে ।
বেতাঁৰ যন্ত্ৰৰ কাৰণে rt2x00 চালকক উন্নত কৰা হৈছে । এই উন্নয়নে Ralink rt2400pci, rt2500pci, rt2500usb, rt61pci আৰু rt73usb ছিপ্সেটসমূহ, আৰু rtl8180 আৰু rtl8187 Realtek ছিপ্সেটসমূহৰ চালকক সতেজ কৰে ।
Atheros 802.11n wireless LAN এডাপ্টাৰৰ কাৰণে ath9k চালকক সক্ৰিয় কৰা হৈছে ।
এই চালকৰ গুণসমূহক সমৰ্থন কৰিবলৈ, mac80211 আৰু cfg80211 কাৰ্ণেল উপ-প্ৰণালীসমূহক উন্নত কৰা হৈছে ।
Solarflare চালক
Red Hat Enterprise Linux 5.5 ত, Solarflare চালকক (sfc) যোগ কৰা হৈছে (BZ#448856)
Neterion's X3100 Series 10GbE PCIe চালক
Neterion's X3100 Series 10GbE PCIe যন্ত্ৰৰ কাৰণে vxge চালকক উন্নত কৰা হৈছে (BZ#453683) ।
ServerEngines BladeEngine2 10Gbps চালক
ServerEngines BladeEngine2 10Gbps নে'টৱৰ্ক যন্তৰৰ কাৰণে be2net চালকক উন্নত কৰা হৈছে (BZ#549460)
Cisco 10G Ethernet চালক
Broadcom NetXtreme II নেটৱৰ্ক যন্ত্ৰৰ বাবে bnx2 চালক ১.৯.৩ সংস্কৰণলৈ উন্নয়ন কৰা হৈছে (BZ#475567 BZ#476897 BZ#489519)
QLogic 10 Gigabit PCI-E Ethernet চালক
QLogic 10 Gigabit PCI-E ethernet যন্ত্ৰৰ কাৰণে qlge চালকক ১.০০.০০.২৩ সংস্কৰণলৈ উন্নত কৰা হৈছে । (BZ#519453)
QLogic Fibre Channel HBA Driver
QLogic Fibre Channel HBA যন্ত্ৰৰ কাৰণে qla2xx চালকক উন্নত কৰা হৈছে । (BZ#542834 BZ#543057)
Broadcom Tigon3 ethernet যন্ত্ৰসমূহ
Broadcom Tigon3 ethernet যন্ত্ৰৰ কাৰণে tg3 চালকক উন্নত কৰা হৈছে । (BZ#515312)
Intel Gigabit Ethernet Network যন্ত্ৰসমূহ
Intel Gigabit Ethernet Network যন্ত্ৰসমূহৰ কাৰণে igb চালকক উন্নত কৰা হৈছে । (BZ#513710)
Intel 10 Gigabit PCI Express Network যন্ত্ৰসমূহ
Intel 10 Gigabit PCI Express নে'টৱৰ্ক যন্ত্ৰৰ কাৰণে ixgbe চালকক উন্নত কৰা হৈছে ।(BZ#513707, BZ#514306, BZ#516699)
Intel PRO/1000 Network যন্ত্ৰসমূহ
Intel PRO/1000 নে'টৱৰ্ক যন্ত্ৰৰ কাৰণে e1000 চালকক উন্নত কৰা হৈছে (BZ#515524)
NetXen Multi port (1/10) Gigabit Network যন্ত্ৰসমূহ
NetXen Multi port (1/10) Gigabit নে'টৱৰ্ক যন্ত্ৰৰ কাৰণে netxen চালকক উন্নত কৰা হৈছে । (BZ#542746)
Broadcom Everest নে'টৱৰ্ক যন্ত্ৰসমূহ
Broadcom Everest নে'টৱৰ্ক যন্ত্ৰৰ কাৰণে bnx2x চালকক ১.৫২.১-৫ সংস্কৰণলৈ উন্নত কৰা হৈছে ।(BZ#515716, BZ#522600)
Broadcom NetXtreme II নে'টৱৰ্ক যন্ত্ৰসমূহ
Broadcom NetXtreme II নে'টৱৰ্ক যন্ত্ৰসমূহৰ কাৰণে bnx2 চালকক ২.০.২ সংস্কৰণলৈ উন্নত কৰা হৈছে । (BZ#517377)
Broadcom NetXtreme II iSCSI
Broadcom NetXtreme II iSCSI ৰ কাৰণে bnx2i চালকক উন্নত কৰা হৈছে । (BZ#516233)
RealTek 8169 ethernet চালক
RealTek 8169 ethernet যন্ত্ৰৰ কাৰণে r8169 চালকক উন্নত কৰা হৈছে । (BZ#514589)

4.2. ভঁৰাল যন্ত্ৰৰ চালকসমূহ

QLogic Fibre Channel Host Bus
QLogic Fibre Channel Host Bus Adapters ৰ কাৰণে qla2xxx চালকক ৮.০৩.০১.০২.০৫.০৫-k সংস্কৰণলৈ উন্নত কৰা হৈছে । (BZ#519447)
HighPoint RocketRAID 3xxx/4xxx
HighPoint RocketRAID 3xxx/4xxx নিয়ন্ত্ৰকৰ কাৰণে hptiop চালকক উন্নত কৰা হৈছে, RR44xx adapters ৰ কাৰণে সমৰ্থন যোগ কৰি । (BZ#519076)
Emulex Fibre Channel Host Bus
Emulex Fibre Channel Host Bus Adapters ৰ কাৰণে lpfc চালকক ৮.২.০.৫২ সংস্কৰণলৈ উন্নত কৰা হৈছে । (BZ#515272) BZ#549763
LSI SAS-2 এডাপ্টাৰৰ পৰিবাৰ
mpt2sas চাললক যি LSI ৰ পৰা SAS-2 পৰিবাৰৰ এডাপ্টাৰক সমৰ্থন কৰে ০২.১০১.০০.০০ সংস্কৰণলৈ উন্নত কৰা হৈছে । এই উন্নয়নে বহুতো সমস্যাৰ সমাধান কৰে, সৰ্বাধিক মন কৰিব লগা:
  • আয়তনক যোগ কৰোঁতে বা আঁতৰাওঁতে চেনিটি পৰীক্ষা যোগ কৰা হৈছে, বিদেশী আয়তনৰ ঘটনাক আওকান কৰি ।
  • চালক এতিয়া লিগেচি I/O প'ৰ্টৰ পৰা মুক্ত
  • হাইবাৰ্নেছন বা ৰিছিউমত হ'ব পৰা kernel oops ৰ সমস্যাৰ সমাধান কৰা হ'ল ।
LSI Fusion MPT
LSI Fusion MPT ফাৰ্মৱেৰ ব্যৱহাৰ কৰা যন্ত্ৰৰ কাৰণে মূল চালক mptque ক ৩.৪.১৩rh সংস্কৰণলৈ উন্নত কৰা হ'ল । এই উন্নয়নে বহুতো সমস্যা সমাধা কৰে, মন কৰিব লগা হ'ল:
  • ছিৰিয়েল সংযুক্ত SCSI (SAS) ট'প'লজি স্কেনক পুনঃ গঠন দিয়া হৈছে, expander, সংযোগ অৱস্থা আৰু গৃহস্থৰ বাচ এডাপ্টাৰ (HBA) ঘটনা যোগ কৰা হৈছে ।
  • SAS কেবুল আঁতৰুৱা আৰু পুনঃ সংযোগ কৰাৰ ফলত মাজে মাজে হোৱা সমস্যাক সমাধা কৰা হৈছে ।
  • SATA যন্ত্ৰই ভিন্ন SAS ঠিকনা পোৱাৰ সমস্যা সমাধা কৰিছে ।
  • যন্ত্ৰৰ পাৰ্মৱেৰে এতিয়া queue full ঘটনাক চালকক কয় আৰু চালকে queue full ঘটনাক SCSI mid-layer ৰে পৰিচালনা কৰে ।
LSI MegaRAID SAS নিয়ন্ত্ৰক
LSI MegaRAID SAS নিয়নত্ৰকৰ কাৰণে megaraid_sas চালকক ৪.১৭-RH1 সংস্কৰণলৈ উন্নত কৰা হৈছে । এই উন্নয়নে বহুতো সমস্যাৰ সমাধা কৰে, মন কৰিব লগা সমূহ হ'ল:
  • ফাৰ্মৱেৰ বুট আৰু আৰম্ভ কৰোঁতে হোৱা সমস্যা সমাধা কৰা হৈছে ।
  • হাইবাৰ্নেছনৰ সময়ত যন্ত্ৰ স্থগিত হোৱাৰ সমস্যা সমাধা কৰা হৈছে ।
  • যন্ত্ৰক যোগ কৰোঁতে বা আঁতৰাওঁতে চালকে স্বয়ংক্ৰিয় ভাবে উন্নয়ন কৰে ।
  • MegaRAID SAS চালক এতিয়া লিগেচি I/O প'ৰ্ট মুক্ত

5. নথিপত্ৰপ্ৰণালী/ভঁৰালৰ পৰিচালনা

উন্নত CFQ I/O ছেডিউলাৰৰ কাৰ্য্যক্ষমতা
কিছুমান অনুপ্ৰয়োগে (e.g. dump and nfsd) I/O অনুৰোধক একাধিক প্ৰক্ৰিয়া বা থ্ৰেডলৈ বিতৰণ কৰি ডিষ্ক I/O কাৰ্য্যক্ষতা উন্নত কৰিব বিচাৰে । কিন্তু, Completely Fair Queuing (CFQ) I/O ছিডিউলাৰ ব্যৱহাৰ কৰোঁতে, এই অনুপ্ৰয়োগৰ পৰিকল্পনাই I/O কাৰ্য্যক্ষমতাক বিপৰিত ধৰণে প্ৰভাৱিত কৰিলে । Red Hat Enterprise Linux 5.5 ত, কাৰ্ণেলে এতিয়া সহয়োগ কৰা কিউক সন্ধান আৰু একত্ৰিত কৰিব পাৰে । ইয়াৰ উপৰিও, কিউএ সহয়ৌগ কৰা বন্ধ কৰিলেও কাৰ্ণেলে সন্ধান কৰিব পাৰে, আৰু পিছত বেলেগ কৰিব পাৰে ।
নতুন GFS2 মাউন্টৰ বিকল্প
এই উন্নয়নে errors= মাউন্ট আদেশ শাৰীৰ বিকল্পৰ কাৰণে GFS2 সমৰ্থন আগবঢ়ায়, যি সমস্যাৰ সমাধানত সহায় কৰে । অবিকল্পিত বিকল্প, errors=withdraw ৰ ফলত নথিপত্ৰপ্ৰণালীয়ে ক্লাস্টাৰৰ পৰা ওলিয়াব বিচাৰে যদি এটা I/O ভুল বা মিটাডাটা ভুল পোৱা হয় । তাৰ বিকল্প, errors=panic ৰ ফলত একেই অৱস্থাত এটা পেনিকৰ সৃষ্টি কৰে । (BZ#518106)
CIFS উন্নয়ন
Common Internet File System (CIFS) ক কাৰ্ণেলত উন্নয়ত কৰা হৈছে ।(BZ#500838)

6. টুলবোৰ

6.1. GNU Project debugger (GDB)

GNU Project debugger (সাধাৰণতে GDB কোৱা হয়) এ C, C++, আৰু অন্য ভাষাত লিখা প্ৰগ্ৰেমসমূহক এটা নিয়ন্ত্ৰিত ধৰণে চলাই, আৰু তাৰ পিছত সিহঁতৰ তথ্য মূদ্ৰণ কৰি সিহঁতক ডিবাগ কৰে ।
Red Hat Enterprise Linux 5.5 ত, GDB ক ৭.০.১ সংস্কৰণলৈ উন্নত কৰা হৈছে । সলনিসমূহৰ এটা বিস্তৃত তালিকাৰ বাবে প্ৰযুক্তিবিদ্যাৰ টোকাৰ GDB বিভাগ চাওক ।
উন্নত C++ সমৰ্থন
GDB ত C++ প্ৰগ্ৰেমিং ভাষাৰ সমৰ্থন উন্নত কৰা হৈছে । মন কৰিব লগা উন্নয়নসমূহত আছে:
  • expression parsing ত বহুতো উন্নয়ন ।
  • type names ৰ উন্নত পৰিচালনা ।
  • extraneous quoting ৰ প্ৰয়োজন প্ৰায় নোহোৱা হৈছে
  • "next" আৰু অন্য stepping আদেশসমূহে শুদ্ধ ধৰণে কাম কৰে যদিও inferior এ অব্যাহতি দেখুৱাই ।
  • GDB ত এটা নতুন "catch syscall" আদেশ আছে । ইয়াক inferior এ system call কৰোঁতেই তাক বন্ধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে ।
Wide আৰু multi-byte আখৰৰ সমৰ্থন
GDB ত এতিয়া লক্ষ্যত wide আৰু multi-byte আখৰৰ সমৰ্থন আছে ।
স্বতন্ত্ৰভাবে thread ৰ ডিবাগ ব্যৱস্থা
Thread execution এ এতিয়া নিজা বাবে thread সমূহক আচুতিয়াকৈ ডিবাগ কৰিব দিয়ে; যাক নতুন পছন্দ "set target-async" আৰু "set non-stop" এৰে সক্ৰিয় কৰিব পাৰি ।

6.2. SystemTap

SystemTap এটা ট্ৰেচ কৰা আৰু প্ৰ'ব কৰাৰ সৰঞ্জাম যি ব্যৱহাৰকৰ্তাক কাৰ্য্যকৰপ্ৰণালীৰ কাৰ্য্যসমূহক বিস্তৃত ধৰণে মণিটৰ কৰিবলৈ সক্ষম কৰে (বিশেষকৈ, কাৰ্ণেল) । ই netstat, ps, top, আৰু iostat সৰঞ্জামৰ দৰেই নিৰ্গম দিয়ে; কিন্তু, SystemTap ক পৰিকল্পনা কৰা হৈছে আৰু অধিক ফিল্টাৰিং আৰু একত্ৰিত কৰা তথ্যৰ কাৰণে বিকল্প বুজিবলৈ ।
নতুন কাৰ্ণেলৰ ট্ৰেচপইন্ট
ট্ৰেচপইন্টক কাৰ্ণেলৰ গুৰুতৰ অংশত ৰখা হয়, যাৰ ফলত প্ৰণালীৰ প্ৰশাসকে কোডৰ কাৰ্য্যক্ষমতা বুজিব পাৰে, আৰু তাৰ অংশ ডিবাগ কৰিব পাৰে । Red Hat Enterprise Linux 5.5 ত, কাৰ্ণেলত বহুতো ট্ৰেচপইন্ট যোগ কৰা হৈছে (BZ#475710), নে'টৱৰ্কিংৰ ট্ৰেচপইন্ট (BZ#475457), coredump (BZ#517115) আৰু signal (BZ#517121) ৰ লগত ।

Note

কাৰ্ণেলৰ লগত পোৱা ট্ৰেচপইন্টৰ তালিকা পাব পাৰি:
 stap -L 'kernel.trace("*")'|sort
বিশেষ সুবিধা নথকাৰ মোড
আগতে, অকল ৰূটৰ সুবিধা থকা ব্যৱহাৰকৰ্তাই SystemTap ব্যৱহাৰ কৰিব পাৰিছিল । এই উন্নয়নে SystemTap ৰ বিশেষ সুবিধা নথকা মোডক আনিছে, যাৰ ফলত ৰূট ব্যৱহাৰকৰ্তাৰ বাহিৰে অন্য ব্যৱহাৰকৰ্তাইও SystemTap ব্যৱহাৰ কৰিব পাৰে । বিশেষ সুবিধা নথকাৰ বিস্তৃত বিৱৰণ man stap-client manpage ত আছে ।

Important

বিশেষ সুবিধা নথকা মোডক Red Hat Enterprise Linux 5.5 ত এটা প্ৰযুক্তিবিদ্যাৰ পূৰ্ব প্ৰদৰ্শন হিচাপে ধৰা হৈছে । ই ভৰসা কৰা stap-server সুবিধাত সুৰক্ষাৰ উন্নয়নৰ কাৰণেএতিয়াও কাম চলি আছে আৰু এটা বিশ্বস্ত নে'টৱৰ্কত সাৱধানেৰে ইয়াক প্ৰয়োগ কৰিব লাগে ।
C++ চিনাক্তকৰণ
C++ প্ৰগ্ৰাম চিনাক্তকৰণৰ উন্নয়নে user-space প্ৰগ্ৰামৰ উন্নত চিনাক্তকৰণৰ সুবিধা দিয়ে ।

6.3. Valgrind

Valgrind ক ব্যৱহাৰ কৰা হয় স্মৃতিশক্তিৰ পঢ়া, লিখা, আৰু বিতৰণ কৰা কাৰ্য্যক মণিটৰ কৰিবলৈ । স্মৃতিশক্তি পৰিচালনাৰ সমস্যাসমূহ সন্ধান আৰু ডিবাগ কৰিবলৈ বিকাশকে valgrind সৰঞ্জাম ব্যৱহাৰ কৰে ।
Valgrind ক ৩.৫.০ সংস্কৰণলৈ উন্নত কৰা হৈছে, প্ৰণালীসমূহৰ স্থাপত্যৰ এক বৃহত সীমাৰ কাৰণে সমৰ্থন দিব পৰাকৈ । এই উন্নয়নে Valgrind ৰ কাৰ্য্যক্ষমতা, স্কেল কৰাৰ ক্ষমতা আৰু ব্যৱহাৰৰ ক্ষমতাত বহুতো উন্নয়ন কৰিছে । বিশেষকৈ, Helgrind সৰঞ্জামৰ ব্যৱহাৰ আৰু স্কেল কৰাৰ ক্ষমতাক — যাক race contiditions ৰ সন্ধান কৰিবলৈ ব্যৱহাৰ কৰা হয় — উন্নত কৰা হৈছে ।Memcheck সৰঞ্জামৰ লীক পৰীক্ষা কৰাৰ কাৰ্য্যক্ষমতাকো উন্নত কৰা হৈছে । ইয়াৰ উপৰিও, DWARF ডিবাগ তথ্যৰ কাৰণে সমৰ্থনকো উন্নত কৰা হৈছে ।

7. ডেস্কটপ সংক্ৰান্ত উন্নয়ন

OpenOffice.org
OpenOffice.org এটা খোলা উৎস, মাল্টি-প্লেটফৰ্মৰ কাৰ্য্যালয়ৰ উৎপাদনৰ সমষ্টি । ইয়াত প্ৰয়োজনীয় ডেষ্কট'প অনুপ্ৰয়োগ, যেনে শব্দ বিশ্লেষণ কৰ্তা, স্প্ৰেডশীট, আৰু প্ৰদৰ্শনৰ পৰিচালক আছে । OpenOffice.org ক উন্নত কৰা হৈছে, বহুতো বাগৰ সমাধা আৰু উন্নয়নৰ লগত, Microsoft Office 2007 OOXML আকৃতিৰ সমৰ্থনৰ লগত ।
Metacity
Metacity, GNOME ডেষ্কট'পৰ অবিকল্পিত সংযোগক্ষেত্ৰৰ পৰিচালকক উন্নত কৰা হৈছে, উন্নয়ন, metacity ৰ আচাৰ নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত GConf চাবি আৰু বাগৰ সমাধা ইয়াত আছে ।

8. নতুন সৰঞ্জামসমূহ

FreeRADIUS
FreeRADIUS এটা উচ্চমানৰ কাৰ্য্য কৰা, বহু ধৰণে বিন্যাস কৰিব পৰা, মুক্ত Remote Authentication Dial In User Service (RADIUS) সেৱক । এটা চেন্ট্ৰেলাইজ্‌ড প্ৰমাণীকৰণ আৰু নে'টৱৰ্কত প্ৰমাণীকৰণ কৰিবলৈ ইয়াৰ পৰিকল্পনা কৰা হৈছে ।
FreeRADIUS ২.০ ক (freeradius2) Red Hat Enterprise Linux 5.5 ত এটা নতুন সৰঞ্জাম হিচাপে পোৱা যায় । FreeRADIUS ১ এতিয়াও Red Hat Enterprise Linux 5 ত পোৱা যায় মূল freeradius সৰঞ্জামত । FreeRADIUS ৰ ২.০ সংস্কৰণে বহুতো নতুন গুণ আনিছে unlang প্ৰগ্ৰামিং ভাষা, ভাৰ্চুৱেল সেৱকৰ সমৰ্থন, উন্নত RFC coverage ৰ কাৰণে অতিৰিক্ত পঞ্জিকা আৰু গুণ & নে'টৱৰ্ক পেকেটৰ কাৰণে সম্পূৰ্ণ IPv6 ৰ সমৰ্থন ।

Important

freeradius আৰু freeradius2 সৰঞ্জামে একেই নথিপত্ৰৰ অংশ লয়, আৰু একেই প্ৰণালীত একেলগে সংস্থাপন কৰিব নোৱাৰে ।
PostgreSQL 8.4
PostgreSQL ৮.৪ (postgresql84) ক এতিয়া Red Hat Enterprise Linux 5 ৰ এটা সম্পূৰ্ণৰূপে সমৰ্থিত বিকল্প হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । PostgreSQL ৮.৪ ৰ নতুন গুণসমূহত আছে: parallel database restore, per-column অনুমতি আৰু নতুন মণিটৰ কৰা সৰঞ্জাম ।

Important

বৰ্ত্তমানে উপস্থিত PostgreSQL ৮.১ ৰ পৰা প্ৰব্ৰজন কৰিবলৈ (postgres সৰঞ্জামে দিয়া) pg_dump ব্যৱহাৰ কৰি এটা তথ্যৰ ডাম্প আৰু পুনঃস্থাপনৰ প্ৰয়োজন হয় । এই প্ৰয়োজনৰ কাৰণে, postgres আৰু postgresql84 ত সৰঞ্জামৰ স্তৰৰ সংঘৰ্ষ থাকে এটা প্ৰণালীড যি কোনো এটাহে সংস্থাপন কৰিব পাৰি ।
Samba
Samba কাৰ্য্যক্ৰমসমূহৰ এটা গোট যাক নথিপত্ৰ, মূদ্ৰক, আৰু অন্য তথ্যৰ সৈতে অংশ ল'বলৈ যন্ত্ৰই ব্যৱহাৰ কৰে ।
Samba3x সৰঞ্জামৰ গোট আৰম্ভনিত x86_64 ৰ 5.4 মুক্তিৰ অতিৰিক্তত আগবঢ়োৱা হৈছিল । Red Hat Enterprise Linux 5.5 ত, Samba3x ক উন্নত কৰা হৈছে আৰু এতিয়া সকলো স্থাপত্যত সমৰ্থিত । Samba3x ত Microsoft® Windows™ 7 ইন্টাৰঅপেৰাটিবিলিটিৰ সমৰ্থন আছে ।

Important

Clustered Samba সমৰ্থন এতিয়াপ এটা প্ৰযুক্তিবিদ্যাৰ পূৰ্ব প্ৰদৰ্শন আৰু অকল x86_64 স্থাপত্যত পোৱা যাব ।
Samba3x মূখ্য Samba 3.3 মুক্তিৰ ওপৰত আধাৰিত আৰু বিন্যাস নথিপত্ৰৰ বিকল্পত এই সলনি সমূহ আছে:
স্থিতিমাপ বিৱৰণ অবিকল্পিত
cups সংযোগৰ সময়বিৰতি নতুন 30
idmap config DOM:range আঁতৰুৱা হৈছে  
idmap domains আঁতৰুৱা হৈছে  
init logon delayed hosts নতুন ""
init logon delay নতুন 100
ldap ssl অবিকল্পিত সলনি কৰা হৈছে start tls
মোডৰ অংশ লোৱা অবচিত  
winbind পুনঃ সংযোগত পলম নতুন 30
samba উৎসৰ অংশক পুনঃ গঠিত কৰা হৈছে এটা libsmbclient সৰঞ্জাম সৃষ্টি কৰিবলৈ । libsmbclient ক পৰিবেশত অন্য অংশক গ্ৰাহক সলযোগমাধ্যম আগবঢ়াবলৈ samba আৰু samba3x সৰঞ্জাম দুয়োটাতে অন্তৰ্ভুক্ত কৰা হৈছে ।

Important

আগৰ সকলো samba3x প্ৰযুক্তিবিদ্যাৰ সৰঞ্জামক Samba3x ৰ সমৰ্থিত সংস্কৰণক সংস্থাপন কৰাৰ আগতে আঁতৰাব লাগিব ।
gPXE
Red Hat Enterprise Linux 5.5 এ নতুন gPXE সৰঞ্জাম আগবঢ়াইছে, এটা খোলা উৎসৰ Preboot eXecution Environment (PXE) ৰ কাৰ্য্যকৰকৰণ । gPXE এ এটা নে'টৱৰ্ক সংযোগেদি সংস্থাপনৰ ইমেজক বুট কৰাৰ ক্ষমতা দিয়ে ।

A. পুনৰীক্ষণৰ ইতিহাস

Revision History
Revision 0Tue Nov 24 2009Ryan Lerch
publican এৰে পুথিৰ প্ৰাৰম্ভিক সৃষ্টি